Hindusthan Samachar
Banner 2 बुधवार, दिसम्बर 12, 2018 | समय 14:46 Hrs(IST) Sonali Sonali Sonali Singh Bisht

শুক্লেশ্বৰ ঘাটত সংঘটিত বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ

By HindusthanSamachar | Publish Date: Oct 13 2018 8:57PM
শুক্লেশ্বৰ ঘাটত সংঘটিত বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ১৩ অক্টোবৰ(হি.স.)। মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সমীপত কোনো দুস্কৃতিকাৰীৰ দ্বাৰা আজি সংঘটিত বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমৰ জনসাধাৰণে প্ৰগতিৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে এতিয়া শান্তি বিচাৰিছে আৰু বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম অঞ্চলৰ জনসাধাৰণে হিংসাৰ পৰিৱৰ্তে শান্তিৰ পৰিৱেশ অটুত থকাটো কামনা কৰিছে। তেনে পৰিপ্ৰেক্ষিতত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মূহূৰ্তত এক উৎসৱমুখৰ পৰিৱেশৰ মাজত দুস্কৃতিকাৰীৰ দ্বাৰা এক আতংকময় পৰিৱেশৰ সূচনা কৰিব বিচৰাটো অত্যন্ত নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত টেলিফোনেৰে বাৰ্তালাপ কৰি এই ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰীক শীঘ্ৰে বিচাৰি উলিয়াই কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাত আহত হোৱা ব্যক্তিসকলৰ উন্নত চিকৎসা প্ৰদানৰ বাবে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে আহত ব্যক্তিসকলকৰ আশু আৰোগ্য কামনা কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে এই ঘটনাত আহত হোৱা সকলক চিকিৎসালয়ত সাক্ষাৎ কৰি চিকিৎসাৰ বুজ লোৱাৰ উপৰি চিকিৎসালয় কৰ্তৃপক্ষক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image