Hindusthan Samachar
Banner 2 बुधवार, दिसम्बर 12, 2018 | समय 15:53 Hrs(IST) Sonali Sonali Sonali Singh Bisht

মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

By HindusthanSamachar | Publish Date: Oct 13 2018 9:01PM
মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী
ডিব্ৰুগড়, ১৩ অক্টোবৰ(হি.স.)। ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত জ্যেষ্ঠজনৰ সদায়ে বিশ্বাস থাকে।সমাজে এই ছাত্ৰ ছাত্ৰীসকলক লৈ সপোন দেখে। এই সপোন বাস্তৱায়িত কৰি এখন শক্তিশালী অসম নিৰ্মাণত ব্ৰতী হোৱাৰ বাবে আমাৰ উঠি অহা প্ৰজন্মই শ্ৰম কৰিব লাগিব। ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলে পিছলৈ চোৱাৰ এতিয়া সময় নাই। ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগামী যাত্ৰা অধিক ফলপ্ৰসূ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।কৰ্মৰ জৰিয়তে সফলতা আহৰণ কৰি ৰাজ্যখনৰ মৰ্যদা বিশ্ব দৰবাৰত উজলাই তোলাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে দৃঢ়তাৰে প্ৰয়াস চলাব লাগিব। আজি মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা অবিহনে এখন সমাজ শক্তিশালী হ’ব নোৱাৰে। শিক্ষাইহে জ্ঞান প্ৰদান কৰিব পাৰে আৰু এই জ্ঞানে শক্তিৰ আধাৰ হিচাপে সামাজিক বিকাশৰ শক্তিশালী বাতাবৰণ সূচনা কৰে। সেইবাবে মানৱ সমাজে শিক্ষাৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে। এখন সমাজৰ ৰীতি নীতি সাংস্কৃতিক বৈভৱ অৰ্থনৈতিক উত্তৰণ ইত্যাদি বিষয়সমূহ শিক্ষাৰ লগত ওতপ্ৰোতভাৱে জড়িত। এখন শক্তিশালী আৰু আধুনিক মনৰ সমাজ নিৰ্মাণ কৰিবলৈ হ’লে শিক্ষাৰ জৰিয়তে প্ৰকৃত মানৱ সম্পদ সৃষ্টিত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে মাতৃৰ কোলাতে শিশুৱে নীতি, জ্ঞান, আধ্যাত্মিক শিক্ষা জীৱন বাটত আগুৱাই যোৱাৰ দৰ্শন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নাৰী সৱলীকৰণ বাবে নাৰী শিক্ষাৰ ওপৰত সাৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। নাৰী সম্পৰ্কত থকা ভুল ধাৰণা, ভ্ৰান্ত বিশ্বাস আঁতৰ কৰাৰ বাবে নাৰীক উপযুক্ত শিক্ষা প্ৰদানৰ বাবে বেটী বচাও বেটী পঢ়াওৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে যাতে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত নাৰী আৰু পুৰুষে সমানে অৰিহণা আগবঢ়াব পাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কন্যা শিশুৰ মনত আত্মবিশ্বাস বৃদ্ধিৰ বাবে আমি উপযুক্ত শিক্ষা প্ৰদান কৰিব লাগিব। নাৰী সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কন্যা শিশুক উপযুক্ত শিক্ষাৰে আগুৱাই নিয়াৰ বাবে শিক্ষানুষ্ঠান স্থাপন কৰিছে। ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব নালাগে তাৰ বাবে ৰাজ্য চৰকাৰে বিনামূলীয়া নামভৰ্তি, পাঠ্যপুথি, ইউনিফৰ্ম যোগানকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে পৰিস্কাৰ কাম, পৰিস্কাৰ মন আৰু পৰিস্কাৰ চিন্তাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন বাস্তবায়িত কৰাৰ বাবে মৰাণ মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰীসকলে নিজকে ব্ৰতী কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাত আহি পৰা প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে দৃঢ়তাৰে আগবাঢ়িব লাগিব। চাইবাৰ ক্ৰাইম, কুসংস্কাৰ, অন্ধবিশ্বাস ইত্যাদি সামাজিক ব্যাধিৰ বিপৰীতে আদৰ্শগত কাম আৰু চিন্তাৰে সমাজলৈ নতুন বাৰ্তা প্ৰেৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।এই অনুষ্ঠানত গড়কপ্তানি মন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদদ্বয় ক্ৰমে কামাখ্যা প্ৰসাদ তাছা আৰু ৰামেশ্বৰ তেলী, বিধায়ক যোগেন মহনকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image