Hindusthan Samachar
Banner 2 सोमवार, फरवरी 18, 2019 | समय 05:43 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধুবুৰীৰ গদাধৰ নৈত মৃতদেহ উদ্ধাৰ

By HindusthanSamachar | Publish Date: Oct 13 2018 8:56PM
ধুবুৰীৰ গদাধৰ নৈত মৃতদেহ উদ্ধাৰ
ধুবুৰী, ১৩ অক্টোবৰ(হি.স.)। ধুবুৰী জিলাৰ গৌৰীপুৰত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৌৰীপুৰৰ গদাধৰ নৈত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। মৃতদেহটো পাইয়া ৰবিদাস নামৰ এজন লোকৰ বুলি জানিব পৰা গৈছে। এছ ডি আৰ এফৰ দলে আজি পুৱাৰে পৰা অভিযান চলাই উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।জানিব পৰা অনুসৰি লোকজনে কালিৰে পৰা নদীত সন্ধানহীন হৈ আছিল আৰু উদ্ধাৰকাৰী দলে লোকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল যদিও আজি উদ্ধাৰকাৰী দলে লোকজনৰ মৃতদেহটো নদীৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা নিশা শৌচ কৰিবলৈ যোৱাৰ সময়তে নৈত পৰিছিল লোকজনে। লোকজনে অত্যাধিক মদ্যপান কৰাৰ ফলতে নৈত পৰা বুলি অভিযোগ একাংশ লোকৰ। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
लोकप्रिय खबरें
चुनाव 2018
image