Hindusthan Samachar
Banner 2 रविवार, अक्तूबर 21, 2018 | समय 09:57 Hrs(IST) Sonali Sonali Sonali Singh Bisht

নগাঁৱৰ ৰূপহীহাটত বাইক চোৰ আটক

By HindusthanSamachar | Publish Date: Oct 13 2018 8:56PM
নগাঁৱৰ ৰূপহীহাটত বাইক চোৰ আটক
নগাওঁ, ১৩ অক্টোবৰ(হি.স.)। নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ জালত পৰিল দুধৰ্ষ বাইক চোৰ।ছৰিফুল ইছলাম নামৰ বাইকচোৰটোৱে চুৰি বাইক বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰে ।ৰূপহীহাট দৈনিক বজাৰত চোৰটোৱে বাইকখন বিক্ৰীৰ বাবে নিয়াৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে হাতে লোতে ধৰে বাইকচোৰ ছৰিফুলক। আৰক্ষীয়ে বাইক চোৰটোক আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ চলাই আছে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি চোৰটোৱে চিভিল গেচৰ পৰা চুৰি কৰিছিল এখন বাইক। আৰক্ষীয়ে এই বাইক চুৰি ঘটনাৰ তদন্ত কৰিয়েই আজি বাইকচোৰটোক কৰায়ত্ত কৰে যদিও আন এজন বাইকচোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পলাতক বাইক চোৰটোক বিচাৰি অভিযান অব্যাহত ৰাখিছে। ধৃত বাইক চোৰটোৱে পূৰ্বেও অনুৰূপ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে স্থানীয় একাংশ লোকে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image