Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 11:54 Hrs(IST) Sonali Sonali Sonali Singh Bisht

মানৱতাৰ নিদৰ্শন দাঙি ধৰি গোলাঘাটত মৃতদেহ সৎকাৰ কৰিলে আন সম্প্ৰদায়ৰ লোকে

By HindusthanSamachar | Publish Date: Sep 16 2018 9:02PM
মানৱতাৰ নিদৰ্শন দাঙি ধৰি গোলাঘাটত মৃতদেহ সৎকাৰ কৰিলে আন সম্প্ৰদায়ৰ লোকে
গোলাঘাট ,১৬ ছেপ্টেম্বৰ(হি.স.)। গোলাঘাট জিলাত পুনৰ সংঘটিত হ''ল সভ্যসমাজক লজ্জানত কৰা এক অমানৱীয় কাণ্ড৷ সমাজৰ পৰা এঘৰীয়া কৰি ৰখাৰ এটা পৰিয়ালৰ এজন যুৱকৰ অকাল মৃত্যুৰ পিচতো মৃতদেহ সৎকাৰ কৰিবলৈ কোনো এজন ওচৰ চুবুৰীয়া তথা সমাজৰ লোক আগবাঢ়ি নহাত সন্মূখত মৃতদেহ লৈ সৎকাৰৰ বাবে হাহাকাৰ কৰিব লগীয়া হ''ল মৃতকৰ শিশু পুত্ৰ আৰু বৃদ্ধা মাতৃয়ে৷ অৱশেষত অসহায় পৰিয়ালটোক উদ্ধাৰৰ বাবে আগবাঢ়ি আহে আমছুৰ কেইজন মান সদস্য৷ মৃতদেহ কান্ধত লৈ আমছুৰ সদস্য কেইজনে শ দাহ কৰি দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন ৷ উল্লেখ্য যে গোলাঘাট জিলাৰ বৰপথাৰৰ বৰপাভজান গাঁৱৰ ৰঞ্জন বড়ো (৩০) নামৰ যুৱকজনে বহুদিন শয্যাগত হৈ শনিবাৰে মৃত্যুক সাৱটি লয়৷ সন্ধ্যা প্ৰায় ৬ বজাত মৃত্যু হোৱা ৰঞ্জনৰ মৃতদেহ সৎকাৰৰ বাবে মহা বিপদত পৰে ৰঞ্জনৰ পৰিয়াল৷ কাৰণ শিশু পুত্ৰ আৰু বৃদ্ধ মাতৃসহ ৰঞ্জনৰ তিনিজনীয়া পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছিল তেঁওলোকৰ সমাজে ৷ ফলত মৃতদেহ সৎকাৰৰ বাবে আগবাঢ়ি নাহিল গাওঁখনৰ কোনো লোক৷ আত্মীয় বুলিবলৈ ওচৰতে বসবাস কৰিছিল এগৰাকী পেহীয়েক আৰু এজন ভাতৃ ৷ কিন্তু এটা মৃতদেহ সৎকাৰৰ বাবে এই কেইজনেই যথেষ্ট নাছিল৷ উপায়ন্তৰ হৈ বহু সময় মৃতদেহ চোতালতে পেলাই ৰাখে পৰিয়ালটোৱে৷ পিচত স্হানীয় পাপু নামৰ এজন আমছু সদস্যৰ জৰিয়তে খবৰ পাই পৰিয়ালটোৰ ঘৰত উপস্হিত হয় আমছুৰ ধনশিৰি মহকুমা আৰু বৰপথাৰ আঞ্চলিক সমিতিৰ কেইজনমান সদস্য৷ আমছু সদস্য কেইজনে গাওঁখনৰ গাওঁবুঢ়া আৰু নামঘৰ সমিতিৰ সম্পাদকৰ অনুমতি লৈ মৃতদেহটো সৎকাৰ কৰাৰ ব্যৱস্হা কৰে৷ আমছুৰ সদস্য কেইজনে গাওঁবুঢ়া আৰু নামঘৰ সমিতিৰ সম্পাদকক মৃতদেহ সৎকাৰত উপস্হিত থাকিবলৈ অনুৰোধ কৰিছিল যদিও সমাজৰ বাধ্যবাধকতাক দোহাই দি তেওঁলোক উপস্হিত নাথাকিল৷ অৱশেষত ইছলাম ধৰ্মালম্বী আমছুৰ সদস্য কেইজনে হিন্দু ধৰ্মীয় পৰম্পৰাৰে ৰঞ্জন বড়োৰ মৃতদেহ চিতাত তুলি দাহ কৰাৰ ব্যৱস্হা কৰে ৷ এখন শিক্ষিত সভ্য সমাজে এটা মৃতদেহৰ প্ৰতি দেখুওৱা এনে অমানৱীয় আচৰণে গোলাঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image