Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 13:12 Hrs(IST) Sonali Sonali Sonali Singh Bisht

দৰঙৰ দলগাঁৱত পথ দূৰ্ঘটনাত এজন যুৱ ব্যৱসায়ীৰ মৃত্যু

By HindusthanSamachar | Publish Date: Sep 16 2018 9:02PM
দৰঙৰ দলগাঁৱত পথ দূৰ্ঘটনাত এজন যুৱ ব্যৱসায়ীৰ মৃত্যু
দৰম, ১৬ ছেপ্টেম্বৰ(হি.স.)। দৰঙৰ দলগাঁৱত শনিবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত এজন যুৱ ব্যৱসায়ীৰ মৃত্যু হয়৷ খাৰুপেটীয়াৰ পৰা ৰৌতালৈ স্কুটী এখনেৰে গৈ থকা অৱস্থাত বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টিআৰ ০৪ ডি ০২১১ নম্বৰৰ মাৰুতি ছিয়েজ গাড়ী এখনৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় উমেশ আগৰৱালা(৩০) নামৰ ৰৌতাৰ যুৱ ব্যৱসায়ীজনৰ৷ ইফালে স্কুটীত একেলগে গৈ থকা কৈলাশ নামৰ আন এজনক সংকটজনক অৱস্থাত জি এম চি লৈ প্ৰেৰণ কৰা হয়৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image