Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:50 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বোকাখাতৰ নাহৰজান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১ ,

By HindusthanSamachar | Publish Date: Sep 16 2018 9:03PM
বোকাখাতৰ নাহৰজান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১ ,
গোলাঘাট,১৬ ছেপ্টেম্বৰ(হি.স.)। গোলাঘাটৰ বোকাখাতৰ নাহৰজান তিনিআলিত দেওবাৰে পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ যান্ত্ৰিক বিজুতিৰ বাবে ৰখাই থোৱা এখন ট্ৰাকৰ পাছফালে এখন ইয়ন গাড়ীয়ে তীব্ৰবেগে খুন্দা মৰাৰ ফলত এজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷ জানিব পৰা মতে শিৱসাগৰ দৰিকাপাৰৰ দিগন্ত কুমাৰ চেতীয়া ব্যৱসায়ীক কামত শনিবাৰে নিজৰ এএছ ০৪ এল ৩২৪৫ নম্বৰৰ ইয়ন গাড়়ীখনেৰে তিতাবৰৰ সতীৰ্থ ৰাজু ফুকন আৰু অজিত গগৈক লগত লৈ গোলাঘাট হৈ গুৱাহাটীলৈ বুলি নিশা যাত্ৰা আৰম্ভ কৰে ৷ পুৱতি নিশা বোকাখাত নগৰলৈ প্ৰায় দুই কিলোমিটাৰ থকা অৱস্থাত নাহৰজান তিনিআলিত যান্ত্ৰিক বিজুতিৰ বাবে ৰখাই থোৱা এএছ ০১ ডিডি ৭৪৮০ নম্বৰৰ ট্ৰাকখনৰ পাছফালে তীব্ৰবেগে খুন্দা মাৰে ৷ যাৰ ফলত চালকৰ কাষতে থকা তিতাবৰৰ ৰাজু ফুকনৰ থিতাতে নিহত হয় ৷ লগতে চালকৰ আসনত থকা অজিত গগৈ আৰু দিগন্ত কুমাৰ চেতীয়া গুৰুতৰভাৱে আহত হয় ৷ আহত দুয়োকে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে ৷ হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image