Hindusthan Samachar
Banner 2 मंगलवार, सितम्बर 25, 2018 | समय 14:40 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ডিমৌৰ ভলোকাগুৰিত সংঘটিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

By HindusthanSamachar | Publish Date: Sep 16 2018 9:03PM
ডিমৌৰ ভলোকাগুৰিত   সংঘটিত পথ দুৰ্ঘটনাত এজনৰ  মৃত্যু
শিৱসাগৰ , ১৬ ছেপ্টেম্বৰ(হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌৰ ভলোকাগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা সংঘটিত পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজন চেপন দিৰৈঘাটৰ বিতোপন খাৰিয়া(৩০) আৰু আহত দুজন চেপন চকলীয়াৰ কৃষ্ণ ঘাটোৱাৰ আৰু খগেন চাওৰা বুলি জানিব পৰা গৈছে। আহত দুয়োজন পোন্ধৰ বছৰীয়া কিশোৰ। প্ৰাপ্ত তথ্যমতে এএছ ০৪ ইউ ৪৮৮৯ নম্বৰৰ পালচাৰ মটৰ চাইকেলখনেৰে তিনিওজন আৰোহী চেপনৰ পৰা ডিমৌৰ কচুমাৰীত অনুষ্ঠিত হৈ থকা কৰম উৎসৱত ভাগ লবলৈ আহিছিল তিনিওজনে। আহি থকাৰ পথত ভলোকাগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০৪ ই ৪৯৩৬ নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মাৰে। ফলত তিনিওজন আৰোহী পথৰ ওপৰতে ছিটিকি পৰে। ঘটনাস্থলীতে বিতোপন খাৰিয়া নামৰ যুৱকজনৰ মৃত্যু হয়। ইফালে সংকটজনক অৱস্থাত আহত দুয়োজনক ডিমৌ অাদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পিচত নিশাই চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনাৰ পিচতে ট্ৰাকখনে শিৱসাগৰ দিশে পলায়ণ কৰে । হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image