Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:02 Hrs(IST) Sonali Sonali Sonali Singh Bisht

পোলেণ্ডত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত মেৰিকমৰ সোণৰ পদক অৰ্জন

By HindusthanSamachar | Publish Date: Sep 16 2018 9:03PM
পোলেণ্ডত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাত মেৰিকমৰ সোণৰ পদক অৰ্জন
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)ঃ পুনৰ উজলি উঠিছে তাৰকা মহিলা বক্সাৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰিকম।পোলেণ্ডত অনুষ্ঠিত ত্ৰয়োদশ সংখ্যক চিলিচিয়ান অপেন আন্তৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা(13th Selician cup international boxing championship)ত ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক অৰ্জন কৰিলে মেৰীকমে। প্ৰতিযোগিতাখনত মেৰিকমে কাজাখস্তানৰ এগেৰিম কছানায়েভাক পৰাজিত কৰি স্বৰ্ণ পদক আজুৰি আনে। চলিত বৰ্ষত মেৰীৰ এয়া তৃতীয়টো স্বৰ্ণপদক। মেৰিকমে ইয়াৰ পূৰ্বে আন দুটা সোণৰ পদক দিল্লীত অনুষ্ঠিত ইণ্ডিয়া অপেন আৰু গোল্ডকোষ্টত অনুষ্টিত কমনৱেলথ গেমছত অৰ্জন কৰিছিল। একেদৰে পোলেণ্ডত অনুষ্ঠিত ত্ৰয়োদশ সংখ্যক চিলিচিয়ান অপেন আন্তৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাখনৰ ৫১ কিলোগ্ৰাম শাখাত ভাৰতৰ জ্যোতি গুলিয়াই সোণৰ পদক অৰ্জন কৰে। আনহাতে প্ৰতিযোগিতাখনত ভাৰতৰ জুনিয়ৰ খেলুৱৈসকলে ছটা সোণ, ছটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১৩ টা পদক জয়লাভ কৰে। হিন্দুস্থান সমাচাৰ/মনোজ
image