Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:53 Hrs(IST) Sonali Sonali Sonali Singh Bisht

জেএনইউৰ ছাত্ৰ একতা সভাৰ চাৰিওটা পদতে বাঁওপন্থীৰ বৃহৎ জয়লাভ

By HindusthanSamachar | Publish Date: Sep 16 2018 9:03PM
জেএনইউৰ ছাত্ৰ একতা সভাৰ চাৰিওটা পদতে বাঁওপন্থীৰ বৃহৎ জয়লাভ
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ(হি.স.)। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত পুনৰ উৰিল ৰঙা পতাকা। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ চাৰিওটা পদতে জয়লাভ কৰিছে বামপন্থী মহাজোঁটে। জেএনইউৰ এই নিৰ্বাচনত বাওপন্থী ছাত্ৰ সংগঠন আইছা, এছএফআই, এআইএছএফ আৰু ডিএছএফে উমৈহতীয়াভাৱে প্ৰতিদ্বনদ্বিতা আগবঢ়াইছিল। জেএনইউৰ ছাত্ৰ একতা সভাৰ ঘোষিত ফলাফল অনুসৰি সভাপতি পদত এন চাই বালাজীয়ে ১১৭৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। উপ-সভাপতিৰ পদ ১৫৭৯ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে বিহাৰৰ শাৰীকা চৌধুৰীয়ে। সাধাৰণ সম্পদকৰ পদত ১১৯৩ টা ভোটৰ ব্যৱধানত এজাজ আহমেদ আৰু যুটীয়া সম্পাদকৰ পদত ৭৫৭ টা ভোটৰ ব্যৱধানত অমুথা জয়দীপে জয়লাভ কৰে।‍ আনহাতে এইবাৰৰ জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিয়ে বিশেষ সফলতা লাভ কৰা নাই যদিও আটাইকেইটা পদত এবিভিপিৰ প্ৰাৰ্থীয়ে দ্বিতীয় স্থান লাভ কৰে। উল্লেখ্য যে এইবাৰ জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৬৭.৮ শতাংশ ভোটদান হৈছিল। এয়া বিগত ছটা বছৰৰ ভিতৰত সৰ্বাধিক হিচাপে চিহ্নিত হৈছিল। হিন্দুস্থান সমাচাৰ/মনোজ
image