Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 12:11 Hrs(IST) Sonali Sonali Sonali Singh Bisht

অসম-মেঘালয় সীমান্তত চুৰি গাড়ী উদ্ধাৰ

By HindusthanSamachar | Publish Date: Sep 16 2018 9:04PM
অসম-মেঘালয় সীমান্তত চুৰি গাড়ী উদ্ধাৰ
গোৱালপাৰা ,১৬ ছেপ্টেম্বৰ(হি.স.)। সম্প্ৰতি অসম-মেঘালয় সীমান্তত চলিছে গাড়ী চুৰি চক্ৰৰ দপদপনি ৷ ৰবিবাৰে গোৱালপাৰা জিলাৰ ধূপধৰাত এখন চুৰি বলেৰ’ গাড়ী উদ্ধাৰ হয় ৷ সন্দেহ জনক অৱস্থাত দেখি ধূপধৰা আৰক্ষীয়ে বলেৰ’খন অনুসৰণ কৰি খেদি যোৱাত ধূপধৰাৰ হেকেৰা পথত এমএল ০৮ ই ৭৫৬৬ নম্বৰৰ গাড়ীখন ৰখাই পলায়ন কৰে গাড়ী চোৰ কেইজনে ৷ জানিব পৰা মতে বলেৰ’ খনৰ গৰাকী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফুলবাৰীৰ ওৱালিউল হবিব নামৰ লোকজন৷ গাড়ী চুৰি চক্ৰৰ দলে ওৱালিউল হবিবৰ নিজ ঘৰৰ পৰাই গাড়ীখনৰ তলা ভাঙি নিশা চুৰি কৰি আনিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে গাড়ীখন নিজৰ জিম্মাত ৰাখি প্ৰকৃত গৰাকীক এই সন্দৰ্ভত যোগাযোগ কৰিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image