Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 12:06 Hrs(IST) Sonali Sonali Sonali Singh Bisht

তেজপুৰৰ খলিহামাৰীত এঘৰৰ গোহালিত দুৰ্বৃত্তৰ অগ্নিসংযোগ

By HindusthanSamachar | Publish Date: Sep 16 2018 9:04PM
তেজপুৰৰ খলিহামাৰীত এঘৰৰ গোহালিত দুৰ্বৃত্তৰ অগ্নিসংযোগ
শোণিতপুৰ, ১৬ ছেপ্তেম্বৰ(হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত এক অঘটন সংঘটিত হৈছে।তেজপুৰৰ খলিহামাৰীত এঘৰ লোকৰ গোহালিত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই।এই অগ্নিকাণ্ডত ৩ টা গৰুৰ মৃত্যু হোৱাৰ লগতে অগ্নিদগ্ধ হয় আন তিনিটা পশুধন। জানিব পৰা অনুসৰি খলিহামাৰীত ৰফিকুল হুছেইন নামৰ এজন লোকৰ গোহালিত কোনো দুৰ্বিত্তই নিশা অগ্নিসংযোগ কৰে। ফলত লোকজনৰ গোহালিত থকা ৩ টাকৈ গৰু অগ্নিদগ্ধ হৈ মৃত্যু হয় আৰু তিনিটাকৈ পশুধন অগ্নিদগ্ধ হোৱাৰ খবৰ লাভ কৰা হৈছে। ইফালে এই ঘটনাৰ পিছত লোকজনৰ পৰিয়ালৰ লোক তথা স্থানীয় লোকে এই জুই নুমোৱাৰ চেষ্টা কৰে যদিও তেতিয়ালৈ পশুধনকেইটাৰ মৃত্যু হয়। লোকজনে এই ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীৰ ওচৰ চপাৰ লগতে দুৰ্বিত্তক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image