Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:18 Hrs(IST) Sonali Sonali Sonali Singh Bisht

উত্তৰ ছিকিমত ভূমিস্খলনৰ ফলত ব্যাহত যোগাযোগ ব্যৱস্থা

By HindusthanSamachar | Publish Date: Sep 16 2018 9:04PM
উত্তৰ ছিকিমত ভূমিস্খলনৰ ফলত ব্যাহত যোগাযোগ ব্যৱস্থা
গেংটক, ১৬ ছেপ্টেম্বৰ (হি.স.)ঃ চিকিমত এসপ্তাহ ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত কেবা ঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত ৰাজধান গেংটককে ধৰি বিভিন্ন স্থানৰ সৈতে যোগাযোগ ব্যাহত হৈ পৰিছে। উত্তৰ জিলাৰ দজোংগু, মংগণ, লাচেন আৰু মংগশিলাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। জিলাখনত বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাৰ ফলত ৫০ টাৰো অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ ছিকিমত ভূমিস্খলনৰ বাবে ১০নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। একেদৰে ২৯ মাইল, সেতীঝৰা আৰু কালী মন্দিৰৰ সমীপতো ভূমিস্খলনৰ ফলত যোগাযোগ ব্যাহত হৈছে। ইফালে ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে বহু পৰ্যটক, ৰোগীৰ লগতে স্থানীয় লোকসকল। আনহাতে ভাৰতীয় সেনাই খাদ্যবস্তু আৰু ঔষধৰ যোগান ধৰিছে আবদ্ধ লোকসকলক। ভূমিস্খলনৰ ফলত ঘাইপথ বন্ধ হৈ পৰাৰ ফলত আবদ্ধ হৈ পৰিছে পৰ্যটকসহ স্থানীয় লোকসকল। আনহাতে সীমান্ত পথ সংস্থাই ব্যাহত যোগাযোগ ব্যৱস্থা বাহাল কৰাৰ বাবে কাম কৰি আছে। একেদৰে সুৰক্ষা মূলক ব্যৱস্থা হিচাপে স্কুল কলেজসমূহো বন্ধ দিয়া হৈছে। আনহাতে অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ ছিকিম জিলাৰ ছিংগতম আৰু ৰাংগপোৰ নামনি এলেকাত জলস্তৰ বৃদ্ধিৰো সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে। হিন্দুস্থান সমাচাৰ/মনোজ
image