Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 11:53 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বিজেপিৰ ৰাজ্যজুৰি কাৰ্যাঞ্জলি কাৰ্যসূচী

By HindusthanSamachar | Publish Date: Sep 16 2018 8:59PM
ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত বিজেপিৰ ৰাজ্যজুৰি কাৰ্যাঞ্জলি কাৰ্যসূচী
গুৱাহাটী, ১৬ ছেপ্টেম্বৰ (হি.স.)ঃ ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে আজি বিজেপি দলে সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্বাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰে। বিজেপিৰ প্ৰদেশ সাধাৰণ সম্পাদক পুলক গোঁহায়ে জাৰি কৰা এক বিবৃতি অনুসৰি অসমৰ বিজেপিৰ ৩৮ খন সাংগঠনিক জিলাতে আজি বাজপেয়ীৰ ৰচিত কবিতাসমূহ আবৃতি কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বাজপেয়ীয়ে তেঁওৰ কবিতাৰ মাজেৰে অন্যান্য বিষয়সমূহৰ লগতে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষক যিধৰণে উপস্থাপন কৰিছিস তাৰ সাৰমৰ্ম উপস্থিত ব্যক্তিসকলে বিভিন্ন স্থানত দাঙি ধৰে। হিন্দুস্থান সমাচাৰ/মনোজ
image