Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 17:45 Hrs(IST) Sonali Sonali Sonali Singh Bisht

চাপৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ

By HindusthanSamachar | Publish Date: Sep 16 2018 8:59PM
চাপৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ
ধুবুৰী, ১৬ ছেপ্টেম্বৰ(হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া মোগৰব আলী গ্ৰেপ্তাৰ কৰা হৈছে ।ৰাজ্যৰ লগতে চুবুৰীয়া মেঘালয় , অৰুণাচল আদি ৰাজ্যলৈও নিচাযুক্ত দৰব সৰবৰাহকাৰী ড্ৰাগছ মাফিয়া মোগৰব আলীক শনিবাৰে নিশা চাপৰ আৰক্ষীয়ে চাপৰৰ হৰ্দেমাৰা স্থিত নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে আন্ত:ৰাজ্যিক পৰ্যায়ত নিচাৰ বজাৰ খন নিয়ন্ত্ৰণ কৰি ৰখা ড্ৰাগছ মাফিয়া মোগৰব আলীৰ গৃহৰ পৰা প্ৰশাসনে নিচাযুক্ত দৰৱ জব্দ কৰাৰ লগতে ইতিপূৰ্বে আব্দুছ ছালাম নামৰ এগৰাকী নিচাযুক্ত দৰৱ সৰবৰাহ কাৰীকো আটক কৰিছিল। নৱপ্ৰজন্মৰ জীৱন ধ্বংস কৰা কুখ্যাত ড্ৰাগছ মাফিয়াটোক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উঠিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image