Hindusthan Samachar
Banner 2 मंगलवार, सितम्बर 25, 2018 | समय 14:41 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গোৱালপাৰাৰ খানখোৱা চৰত বজ্ৰপাত, বহু পশুধনৰ ক্ষতি

By HindusthanSamachar | Publish Date: Sep 16 2018 8:59PM
গোৱালপাৰাৰ খানখোৱা চৰত বজ্ৰপাত, বহু পশুধনৰ ক্ষতি
গোৱালপাৰা, ১৬ ছেপ্টেম্বৰ (হি.স.) । গোৱালপাৰা জিলাৰ খানখোৱা চৰত শনিবাৰে নিশা সংঘটিত হয় এক বজ্ৰপাত। এই বজ্ৰপাতত দাউ দাউকৈ জ্বলি উঠে চৰৰ বাসিন্দা আব্দুল মালেকৰ গোহালীটো। গোহালীটোত থকা পশুধনবোৰৰ মাজৰ দুটা ছাগলী ঘটণাস্হলীতে মৃত্যু হোৱাৰ বিপৰিতে বহু গৰু ছাগলীৰ গাত জুই লাগে। এই পশুধনবোৰৰ গাত জুই লগাৰ ফলত এক দুৰ্গোন্ধময় পৰিৱেশৰ সৃষ্টি হয়। লগতে আজি পুৱাৰে পৰা এটাৰ পিচত এটাকৈ পশুধনৰ মৃত্যু ঘটিব ধৰে। ইয়াকেলৈ চিন্তিত হৈ পৰিছে আব্দুল মালেক। ইফালে এই বজ্ৰপাতৰ ঘটনৰ পিচৰে পৰা মালেকৰ দুই পুত্ৰ কন্যা কাণেৰে নুশুনা হৈ পৰে। ইফালে আকৌ ব্ৰক্ষ্মপুত্ৰত নাঁও চলাচল বন্ধ কৰি দিয়াৰ ফলত আহত পুত্ৰ কন্যাক নিব পৰা নাই চিকিৎসালয়লৈ। যাৰ ফলত আব্দুল মালেকৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image