Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 12:17 Hrs(IST) Sonali Sonali Sonali Singh Bisht

শিৱসাগৰত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

By HindusthanSamachar | Publish Date: Sep 16 2018 8:59PM
শিৱসাগৰত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
শিৱসাগৰ, ১৬ ছেপ্তেম্বৰ(হি.স.)। শিৱসাগৰত আজি আৰক্ষীয়ে অভিযান চলায় ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক। শিৱসগাৰৰ অ এন জি চি কলনীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজয় কলিতা নামৰ লোকজনক। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি নিশ্চিত তথ্যৰ আধাৰত অভিযান চলাই অ এন জি চি কলনীৰ পৰা বিজয় কলিতাক ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোকজনে নিৰঞ্জন দাস নামৰ এজন লোকৰ পৰা ড্ৰাগছখিনি ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে।ইফালে পূৰ্বেও লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে সম্প্ৰতি লোকজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধপোচ চলাই আছে। বহুদিনৰ পৰা অঞ্চলটোত এটা ড্ৰাগছৰ কিনা বেচা চক্ৰ সক্ৰিয় হৈ থকা বুলিও স্থানীয় লোকে অভিযোগ কৰে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image