Hindusthan Samachar
Banner 2 सोमवार, नवम्बर 19, 2018 | समय 06:43 Hrs(IST) Sonali Sonali Sonali Singh Bisht

আজাৰা আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক

By HindusthanSamachar | Publish Date: Sep 16 2018 9:00PM
আজাৰা আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক
গুৱাহাটী, ১৬ ছেপ্তেম্বৰ(হি.স.)। আজাৰা আৰক্ষীয়ে কৰায়ত্ত কৰিছে দুজনকৈ প্ৰৱঞ্চকক। ধৃত প্ৰৱঞ্চকদ্বয়ে এজন লোকৰ পৰা প্ৰৱঞ্চনাৰে লুটিছিল এ টি এমৰ ধন। ধৃত প্ৰৱঞ্চক দুটাক মনজিত সিং আৰু প্ৰবীণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি মনজিত আৰু প্ৰবীণে এজন লোকক প্ৰৱঞ্চনা কৰি সৰকাই নিছিল এ টি এমৰ ধন। ইয়াৰ পিছত এই ঘটনাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় আজাৰা আৰক্ষীয়ে আজি দুয়োকে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত দুয়োৰে পৰা ৪৩ খন এ টি এম কাৰ্ড আৰু ২০ হাজাৰ টকাৰ নগদ ধন, তিনিটা মোবাইল আৰু লেপটপো জব্দ কৰে।আৰক্ষীয়ে সম্প্ৰতি দুয়োকে অধিক তথ্যৰ বাবে সোধপোছ চলাই আছে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image