Hindusthan Samachar
Banner 2 शनिवार, नवम्बर 17, 2018 | समय 15:03 Hrs(IST) Sonali Sonali Sonali Singh Bisht

আক্ৰাছুৰ বিলাসীপাৰা আঞ্চলিক সমিতি গঠন

By HindusthanSamachar | Publish Date: Sep 16 2018 9:00PM
আক্ৰাছুৰ বিলাসীপাৰা আঞ্চলিক সমিতি গঠন
ধুবুৰী, ১৬ ছেপ্টেম্বৰ (হি.স.)। সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বিলাসীপাৰা আঞ্চলিক সমিতি খন আজি গঠন কৰা হয়। স্থানীয় আম্বেদকাৰ ভৱনত আজি দিনৰ ১১ টা মান বজাত আক্ৰাছুৰ ধুবুৰী জিলা সমিতিৰ মুখ্য উপদেষ্টা গিৰি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত যৌথ প্ৰতিনিধি সভাত আঞ্চলিক সমিতি খন গঠন কৰা হয়। এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে ছানি সিংহক সভাপতি আৰু কমল ৰায়ক সম্পাদক হিচাপে লৈ ৩১ জনীয়া বিলাসীপাৰা আঞ্চলিক সমিতি খন গঠন কৰে। সভাত আক্ৰাছুৰ কেন্দ্ৰীয় উপ সভাপতি মুকুল বৰুৱাৰ লগতে সঞ্জয় ৰায়, অনন্ত বৰ্মন, কৰ্ণ ৰায়, চন্দন ৰায় প্ৰমুখ্যে কেবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে। সভাৰ অন্তত নতুনকৈ গঠন হোৱা সমিতি খনৰ সদস্য সকলক সংগঠনৰ শপথ বাক্য পাঠ কৰোৱায় বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰে। হিন্দুস্হান সমাচাৰ/ মোনালী/মনোজ
image