Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 17:55 Hrs(IST) Sonali Sonali Sonali Singh Bisht

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত অগ্নিকাণ্ড

By HindusthanSamachar | Publish Date: Sep 16 2018 9:01PM
শিৱসাগৰৰ ষ্টেচন চাৰিআলিত অগ্নিকাণ্ড
শিৱসাগৰ, ১৬ ছেপ্তেম্বৰ(হি.স.)। শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰ ষ্টেচন চাৰিআলিত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ষ্টেচন চাৰিআলিত পৱন অটো নামৰ এখন টায়াৰৰ দোকানত আজি প্ৰথমে জুইৰ সূত্ৰপাত হয়। পিছত এই জুই লাহে লাহে বিয়পিবলৈ আৰম্ভ কৰে। লগে লগে স্থানীয় লোকে অগ্নিনৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়াৰ লগতে নিজেও এই জুই নিৰ্বাপন কৰাৰ চেষ্টা কৰে।পিছত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীঘটনাস্থলীত উপস্থিত হৈ বহুসময় ধৰি যুজ দি এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যায়।ইফালে অগ্নিকাণ্ড কিদৰে সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হ’বলৈ পালে বুলিও স্থানীয়লোকে সন্দেহ প্ৰকাশ কৰে। হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
image