Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:40 Hrs(IST) Sonali Sonali Sonali Singh Bisht

গুৰুজনাৰ জন্মউৎসৱ শুৱালকুছিত নিশা পৰ্যন্ত ভাওনাৰ আখৰা

By HindusthanSamachar | Publish Date: Sep 16 2018 9:01PM
গুৰুজনাৰ জন্মউৎসৱ শুৱালকুছিত  নিশা পৰ্যন্ত ভাওনাৰ আখৰা
আমিনগাও ,১৬ ছেপ্টেম্বৰ(হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱক লৈ বস্ত্ৰনগৰী শুৱালকুছিত পাৰ ভঙা উছাহৰ সৃষ্টি হৈছে। গুৰুজনাৰ জন্ম উৎসৱক লৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী থকা অৱস্থাত বস্ত্ৰনগৰী শুৱালকুছিত চলিছে গুৰুজনাৰ জন্ম উৎসৱৰ ব্যাপক প্ৰস্তুতি। বস্ত্ৰনগৰী শুৱালকুছিৰ প্ৰতিটো নামঘৰ প্ৰতিখন সত্ৰৰ সমান্তৰালকৈ ডেকা যুৱক সকল সাজু হৈছে বাট ভাওনা বাবে। দিনে নিশাই চলিছে বস্ত্ৰনগৰীত ভাওনাৰ আখৰা। বিভিন্ন বেশ ভূষাৰে শুৱালকুছিৰ ৰাজপথত ভাওনা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে যুৱক সকল। একদৰে ভাওনাত অভিনয় কৰা কণ কণ শিশু সকলেও আখাৰাত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে গুৰুজনাৰ জন্ম উৎসৱত বাট ভাওনা একমাত্ৰ বস্ত্ৰনগৰী শুৱালকুছিত প্ৰদৰ্শিত হৈ আহিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image