Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 11:58 Hrs(IST) Sonali Sonali Sonali Singh Bisht

খুমটাইত সাংসদ তথা কংগ্ৰেছৰ যুৱ নেতা গৌৰৱ গগৈৰ ঝুমুৰ নাচ

By HindusthanSamachar | Publish Date: Sep 16 2018 9:01PM
খুমটাইত সাংসদ তথা কংগ্ৰেছৰ যুৱ নেতা গৌৰৱ গগৈৰ ঝুমুৰ নাচ
গোলাঘাট, ১৬ ছেপ্টেম্বৰ(হি.স.)। গোলাঘাটৰ খুমটাইৰ সেন্দুৰীটিং বাগিছাৰ উদ্যোগত ৰাজহুৱা নাট্যমন্দিৰত আজি কৰম পূজা পালন কৰা হয়। সেন্দুৰীটিং বাগিছাত অনুষ্ঠিত হোৱা কৰমপূজাত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈৰ লগতে কেইবাজনো কংগ্ৰেছকৰ্মী । সাংসদ গৰাকীয়ে বৰ্তমানৰ চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে বিশ্বাসঘাটক চৰকাৰ বুলি আখ্যা দিয়ে বৰ্তমান শাসনাধিত বিজেপি চৰকাৰখনক ৷ ৰাইজে যিদৰে আসনত বহুৱাইছিল ঠিক তেনেকৈয়ে শাসনৰ গাদীৰ পৰা উফৰাই পেলাব বুলিব সাংসদ গৰাকীয়ে মন্তব্য কৰে এই চৰকাৰখনৰ বিৰুদ্ধে ৷ উল্লেখ্য যে উক্ত পূজাস্থলীত সাংসদ গৰাকীয়ে সেন্দুৰীটিংবাসী ৰাইজৰ লগত একেলগে ঝুমুৰ নৃত্য পদৰ্শন কৰে আৰু নৃত্য প্ৰদৰ্শন কৰি আনন্দত মতলীয়া হৈ পৰে সাংসদ গৰাকী। চাহ জনজাতি লোকসকলৰ হাতে হাত ধৰি আনন্দ উল্লাস কৰে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে সাংসদগৰাকীয়ে খুমটাইত চাহ জনজাতি লোকসকলৰ কৰম পূজাত থাকি ভোটাৰত আকৰ্ষিত কৰাৰ চেষ্টা কৰে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image