Hindusthan Samachar
Banner 2 गुरुवार, नवम्बर 15, 2018 | समय 18:10 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ধিঙৰ বাৰোৱাটি সাৰ্বজনীন শিৱ মন্দিৰত চুৰি কাণ্ড

By HindusthanSamachar | Publish Date: Sep 16 2018 9:01PM
ধিঙৰ বাৰোৱাটি সাৰ্বজনীন শিৱ মন্দিৰত চুৰি কাণ্ড
নগাওঁ, ছেপ্টেম্বৰ(হি.স.)।নগাওঁ জিলাৰ ধিঙৰ বাৰোৱাটি সাৰ্বজনীন শিৱ মন্দিৰত শনিবাৰে নিশা চোৰে লুটপাত চলায়। মন্দিৰটোৰ দান প্ৰাত্ৰ ভাঙি প্ৰায় ৪৫ হাজাৰ টকা লুটি নিয়াৰ লগতে মন্দিৰটোৰ ভিতৰত থকা এটা ৰূপৰ সাপৰ লগতে বহুতো মূল্যবান সামগ্ৰী চুৰি কৰে।অাশ্চৰ্যজনক ভাৱে মন্দিৰটোত থকা কেইবাখনো ধৰ্মীয় গ্ৰন্থ ফালি চিৰি সিচৰিত কৰি থৈ যায় চোৰে । উল্লেখ্য যে ইয়াৰ অাগতেও মন্দিৰটোত চুৰি কাণ্ড সংঘটিত হৈছিল যদিও অাৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ ফলতেই অাকৌ এনেধৰনৰ ঘটনা সংঘটিত হৈ অহা বুলি মন্তব্য কৰে স্থানীয় লোকসকলে। এইক্ষেত্ৰত চুৰিকাণ্ডৰ লগত জড়িত কেইটাক ধিং অাৰক্ষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনায় স্থানীয় লোকসকলে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image