Hindusthan Samachar
Banner 2 मंगलवार, सितम्बर 25, 2018 | समय 15:11 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে মাজুলীৰ ৰুনজুন

By HindusthanSamachar | Publish Date: Sep 16 2018 9:02PM
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে মাজুলীৰ ৰুনজুন
মাজুলী ,১৬ ছেপ্টেম্বৰ(হি.স.)। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত মাজুলীৰ ৰুনজুন পেগুৱে স্বৰ্ণ পদক অৰ্জন কৰি মাজুলী তথা অসমলৈ গৌৰব কঢ়িয়াই আনিছে ।মাজুলীৰ জেংৰাইমুখৰ জীয়ৰী তথা সৰুতে পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা ৰুনজুনে জীৱনত কঠোৰ পৰিশ্ৰমৰ বিনিময়ত এটাৰ পিছত এটাকৈ ইভেন্টত জয় লাভ কৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সৰুৰ পৰাই খেলৰ প্ৰতি আগ্ৰহী আছিল ৰুণজুন। পিতৃ মাতৃ ঢুকোৱাৰ পাছত ৰুনজুনৰ পৰিয়ালৰ সকলো দায়িত্ব ককায়েক মনোৰঞ্জন পেগুৱে লৈছিল। আৰ্থিক ভাবে অতি দৰিদ্ৰ পৰিয়ালটোৰ ককায়েকে বৰ্তমান কলেজৰ তৃতীয় বৰ্গৰ চাকৰি কৰে যদিও ঘৰখনৰ আৰ্থিক স্বচ্ছলতা নাছিল। প্ৰথমতে কাবাডি শ্বটপুট আদি গেলৰ প্ৰতি আগ্ৰহ থকা ৰুনজুনে পিছত জেভলিন থ্ৰত খেলিবলৈ লয়। ইফালে ৰুনজুনৰ খেলৰ পাৰৰ্দশিতা দেখা পাইছিল এছিয়া মাষ্টাৰ এথলেটিকত ভাৰতলৈ ২০১০ চনতে ভাৰতলৈ স্বৰ্ণ পদক কঢ়িয়াই অনা বিজূমনি পেগুৱে। বিজুমনিয়ে ৰুনজুনক প্ৰশিক্ষণ দিছিল। মাজুলীৰ সেই জেংৰাইমুগ ভিতৰৰ গাঁৱখনৰ পৰা কোনো খেলৰ সুবিধা নথকাৰ বাবে গুৱাহাটীৰ লৈ আহে আৰু ৪ বছৰ গুৱাহাটীত প্ৰশিক্ষণ লোৱাৰ পাছত তাই ছাৰ্ক গেমছত লগ পায়া প্ৰশিক্ষক কাশীক । কাশীয়ে ৰুণজুনক অসমত খেলৰ প্ৰশিক্ষণৰ কোনো ব্যৱস্থা নথকাত পাঞ্জাৱৰ পাটিয়ালালৈ লৈ গৈছিল । তাতে তাই আৰম্ভ কৰিছিল প্ৰশিক্ষণ আৰু কিটিপবোৰ । ২৬ সংখ্যক ইষ্টজুন এথেলেটিকছত সোণৰ পদক , অন্ধ প্ৰদেশত ৩০ সংখ্যক নেশ্যানেল জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জ, গোৱাত অনুষ্ঠিত শ্বেমপিয়নশ্বীপট সোণ, ২০১৭ চনত নেচনেল চেম্পিয়নশ্বিপত ৰূপ আৰু শেহতীয়াকৈ লক্ষ্ণৌত সোণৰ পদক অৰ্জন কৰি অসম তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰচাৰ বিমুখ সহজ সৰল ৰুনজুন এনেদৰে বিদ্যালয়ৰ পৰ্যায়ৰ পৰা ক্ৰমাৎ ইটোৰ পাছত সিটো পদক জিনি আহিছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image