Hindusthan Samachar
Banner 2 बुधवार, सितम्बर 26, 2018 | समय 02:39 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বাঙালী জনমুক্তি বাহিনীৰ সঁজাতি দলে

By HindusthanSamachar | Publish Date: Jul 13 2018 9:41PM
ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বাঙালী জনমুক্তি বাহিনীৰ সঁজাতি দলে
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.) । অসমত এন আৰ চিৰ কাম চলি থকা সময়ত প্ৰকৃত ভাৰতীয় একাংশ বাঙালী লোকক ডি ভোটাৰে নামত হাৰাশাস্তি কৰাৰ উপৰি প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলো প্ৰমাণ পত্ৰ থকাৰ পাছতো একাংশ লোকক ডিটেনচন কেম্পত (বন্দী শিৱিৰ) নিক্ষেপ কৰি হাৰাশাস্তি কৰাৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বাঙালী জনমুক্তি বাহিনীয়ে। ডি ভোটাৰৰ সমস্যা সমাধান, এন আৰ চিৰ পৰা বাদ পৰা লোক সকলৰ ভবিষ্যত কি হ''ব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইন কাৰ্যকৰী কৰাৰ দাবীত বাঙালী জনমুক্তি বাহিনীৰ এটি সঁজাতি দলে অহা ১৮ জুলাই তাৰিখে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব। বাঙালী জনমুক্তি বাহিনীৰ সভাপতি ৰঞ্জন সৰকাৰ আৰু মূখ্য সেনাধ্যক্ষ কমল পাল স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে। হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
image