Hindusthan Samachar
Banner 2 बुधवार, जून 20, 2018 | समय 18:25 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ছচিয়েল মিডিয়া ব্যৱহাৰৰ সচেতনাৰ ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব-সোণোৱাল

By HindusthanSamachar | Publish Date: Jun 14 2018 9:47PM
ছচিয়েল মিডিয়া ব্যৱহাৰৰ সচেতনাৰ ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব-সোণোৱাল
গুৱাহাটী, ১৪ জুন (হি.স.)ঃ ছচিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সতি-সন্তানসকলৰ মাজত সচেতনা অনাৰ ক্ষেত্ৰত মহিলাসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত শিৱসাগৰৰ সেউজ কোঁৱৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত আয়োজন কৰা মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সমাজ সংস্কাৰ আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত মহিলাসকলৰ গুৰুত্বপূ্ৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰে। মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বজুৰি সংস্কাৰ সাধনৰ ইতিহাসত মহিলাসকলে সদায়েই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মহিলাসকলে সমাজৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব পাৰে। জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে যি কৰ্ম সংস্কৃতিৰ প্ৰয়োজন তাৰ উন্মেষ সাধনত মহিলাসকলে গুৰু দায়িত্ব পালন কৰিব লাগিব। আমাৰ সৰ্ম সংস্কৃতিৰ পথাৰখনক অধিক জীৱন্ত আৰু গতিশীল কৰি তোলাৰ বাবে মহিলাসকলে লক্ষ্য স্থিৰ কৰি লব লাগিব যাতে আমাৰ নতুন প্ৰজন্মই কৰ্ম সংস্কৃতিৰ জৰিয়তে ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰি তুলিব পাৰে। আমাৰ মহিলাসকলে সামাজিক সংস্কাৰ আৰু পৰিৱৰ্তন সম্ভৱ কৰি তুলিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে মহিলাসকলে সক্ৰিয় ভূমিকা লব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে সামাজিক সংস্কাৰ সাধন কৰাৰ বাবে সংস্কাৰ নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে প্ৰতিটো উন্নয়ন খণ্ডতে শিল্পী, সাহিত্যিক, সমাজৰ বিভিন্ন শ্ৰেণীৰ জনগণ আৰু সংগঠনক লৈ এই সংস্কাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। এই ক্ষেত্ৰত মহিলাসকলৰ সহায় সহযোগ আশা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ বাবে কৰ্মসংস্কৃতিৰ ওপৰত অগ্ৰাধিকাৰ দিয়া উচিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰত্ব আৰোপ কৰিছে। বেটী বচাও বেটী পঢ়াও কাৰ্যসূচীৰ জৰিয়তে কন্যা শিশুসকলৰ বিকাশ সম্ভৱ কৰি তুলিব বিচাৰিচে, যাতে বিশ্বৰ বুকুত ভাৰতীয় নাৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰেও মহিলা সৱলীকৰণৰ জৰিয়তে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা সৱলীকৰণৰ বাবে লোৱা পদক্ষেপসমূহ সঠিক ৰূপত ৰূপায়ণৰ বাবে মহিলাসকলক চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে কনকলতা মহিলা সৱলীকৰণৰ আঁচনিৰ অধীনত ২২ টা আত্ম-সহায়ক গোটক ধনৰাশিৰ চেক প্ৰদান কৰে। হিন্দুস্থান সমাচাৰ/মনোজ
image