Hindusthan Samachar
Banner 2 रविवार, अगस्त 19, 2018 | समय 06:07 Hrs(IST) Sonali Sonali Sonali Singh Bisht

বকোত 'গণ বিক্ষোভ'

By HindusthanSamachar | Publish Date: Jun 14 2018 9:39PM
বকোত 'গণ বিক্ষোভ'
বকো, ১৪ জুন(হি.স.)ঃ বকোত ''গণ বিক্ষোভ'' শীৰ্ষক এক প্ৰতিবাদী সমদল আজি বাহিৰ কৰা হয়। বকো চহৰৰ মাজেৰে উলিওৱা হয় এই সমদল। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই সমদলযোগে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী তোলে। এই সমদলত গাৰো জাতীয় পৰিষদ, সদৌ অসম অ-জনজাতীয় ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ বকো আঞ্চলিক তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। লগতে প্ৰতিবাদীসকলে কাৰ্বি আংলঙত হত্যাৰ বলি হোৱা নিলোৎপল আৰু অভিজিতৰ হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তি প্ৰদানৰ দাবী তোলে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image