Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 12:18 Hrs(IST) Sonali Sonali Sonali Singh Bisht

সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ

By HindusthanSamachar | Publish Date: Jun 14 2018 9:39PM
সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ
চৰাইদেউ, ১৪ জুন (হি.স.)ঃ চৰাইদেউ জিলাৰ সোণাৰিত যোৱা নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে। খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা প্ৰায় ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে সোণাৰি শান্তিপুৰৰ কাষৰে সোণালি পামৰ প্ৰবীণ মেচৰ বাসগৃহত তাণ্ডৱ চলাই সম্পূৰ্ণ ৰূপে ‌বিধস্ত কৰি পেলায়। ঘৰৰ আচবাব, মূল্যবান সা-সামগ্ৰীৰ লগতে চাউল দাইল খাই তহিলং কৰে। বাসগৃহত থকা এপদ সামগ্ৰীও উদ্ধাৰ কৰিব নোৱাৰিলে দুৰ্ভগীয়া পৰিয়ালটি। হাতী অহাৰ উমান পায় প্ৰবীণ মেচৰ নজনীয়া পৰিয়ালটি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে। সৌভাগ্য বশত: পৰিয়ালটি বনৰীয়া হাতীৰ আক্ৰমনৰ পৰা ৰক্ষা পৰে। বনৰীয়া হাতীৰ তাণ্ডৱত গৃহহীন হৈ পৰা পৰিয়ালটিয়ে এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ সৃষ্টি কৰিব লগীয়া হৈছে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image