Hindusthan Samachar
Banner 2 गुरुवार, अगस्त 16, 2018 | समय 12:30 Hrs(IST) Sonali Sonali Sonali Singh Bisht

চামগুৰিৰ ভেল'গুৰিত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু

By HindusthanSamachar | Publish Date: Jun 14 2018 9:39PM
চামগুৰিৰ ভেল'গুৰিত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু
নগাঁও,১৪ জুন (হি.স.)ঃ বান্দৰৰ উপদ্ৰৱৰ বাবেই চামগুৰিৰ ভেল''গুৰিত আজি এক শোকাৱহ ঘটনাত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। ভাড়াঘৰত থকা সময়তে বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু মুখত পৰে বহিঃৰাজ্য অন্ধ্ৰপ্ৰদেশৰ পি.ৰাজেন্দ্ৰ প্ৰসাদ নামৰ লোকজন। জানিব পৰামতে, লোকজনে পিছফালৰ চোতালত গা ধোৱা কাপোৰ মেলিবলৈ গৈছিল। কাপোৰ মেলা ৰছীত লাগি আছিল বান্দৰে ছিঙা বিদ্যুতৰ তাঁৰ। যাৰ ফলত বিদ্যুৎপৃষ্ঠ হৈ লোকজন মৃত্যুমুখত পৰে। উল্লেখ্য যে নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা আমনি পৰ্য্যন্ত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত নিয়োজিত আছিল বহিঃৰাজ্যৰ লোকজন। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image