Hindusthan Samachar
Banner 2 मंगलवार, अक्तूबर 16, 2018 | समय 20:15 Hrs(IST) Sonali Sonali Sonali Singh Bisht

মেৰাপানীত বাঢ়নি পানীয়ে চিঙিলে নৱনিৰ্মিত মথাউৰি

By HindusthanSamachar | Publish Date: Jun 14 2018 9:41PM
মেৰাপানীত বাঢ়নি পানীয়ে চিঙিলে নৱনিৰ্মিত মথাউৰি
গোলাঘাট, ১৪ জুনশ্ৰ(হি.স)। চুবুৰীয়া নগালেণ্ডত হোৱা মূষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ পৰা বৈ অহা চিচুপানী নদীৰ বাঢ়নি পানীয়ে গোলাঘাটৰ মেৰাপানীৰ চাংখাতী, শান্তিপুৰ, লক্ষীপুৰ, গোলোকপুৰ, গ্লানপুৰ আদি বহু কেইখন প্লাৱিত কৰিছে। ইয়াৰ লগতে বানে ছাগলী, গাহৰি আৰু কৃষকৰ পশুধন উটুৱাই নিয়ে। ইফালে নিশা ১১-৩০ বজাত হঠাতে অহা প্ৰলয়কাৰী বানে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত ৪ কোটি ৫১ লাখ ৬২ হাজাৰ টকা ব্যয় কৰি নিমাণ কৰা চিচুপানীৰ নদীৰখনৰ কেইবা ঠাইতো মথাউৰি চিঙি নিয়াৰ লগতে কিছুদিন পূৰ্ৱে স্থাপন কৰা জিঅ'' বেগ সমূহ পানীয়ে উটুৱাই নিয়ে। গাঁওকেইখনৰ ক্ষতিগ্ৰস্থ পৰিয়াল সমূহে ঘৰৰ পৰা আঁতৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জলসম্পদ বিভাগে বিসংগতিপূৰ্ণভাৱে নদীখনৰ খনন কাৰ্য চলোৱাৰ ফলতেই ৰাইজৰ এনে দুৰ্দশাৰ বলি হ''বলগাত পৰিছে। বানপানীৰ ফলত অঞ্চলটোৰ শতাধিক লোক ক্ষতিগ্ৰস্থ হোৱাৰ লগতে বহুলোক ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে ভঁৰালৰ ধান, খেতি পথাৰ আদি নষ্ট কৰে। হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
image