Hindusthan Samachar
Banner 2 रविवार, दिसम्बर 16, 2018 | समय 12:26 Hrs(IST) Sonali Sonali Sonali Singh Bisht

কাজিৰঙাত ভুৱা সংঘৰ্ষৰে চিকাৰী হত্যাৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ

By HindusthanSamachar | Publish Date: Jun 14 2018 9:42PM
কাজিৰঙাত ভুৱা সংঘৰ্ষৰে চিকাৰী হত্যাৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ
কাজিৰঙা, ১৪ জুন (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভূৱা সংঘৰ্ষৰে বন বিভাগে চোৰাং চিকাৰীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘ নামক সংস্থাটোৱে। আজি বৃহস্পতিবাৰে কাজিৰঙাৰ কহঁৰা চাৰিআলিত মুকলি আকাশৰ তলত সংবাদ মেল অনুষ্ঠিত কৰি এই দাবী কৰে জীপাল কৃষক শ্ৰমিক সংঘই। সংগঠনটোৰ উপদেষ্টাদ্বয় সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেই কয় যে ''এজন-দুজন নহয় বিগত পাঁচ বছৰত কাজিৰঙাত ৬০ জন লোকক চোৰাং চিকাৰী সজাই হত্যা কৰা হৈছে। আনহাতে, কাজিৰঙাৰ যি ধৰণে চিকাৰী হত্যা কৰা হৈছে, এয়া প্ৰকৃতাৰ্থত বনবিভাগৰ একোখন নাটকহে। নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবেই ‌কাজিৰঙাৰ বনবিভাগে সংঘৰ্ষৰ নাটক অব্যাহত ৰাখিছে। শেহতীয়াকৈ কাজিৰঙাৰ অন্তৰ্ভাগত ভৰিত ৰচীৰে বান্ধি গুলীয়াই হত্যা কৰা লোকজনৰ মৃত্যুও বনবিভাগৰ পূৰ্বৰ দৰে হোৱা অনুৰূপ নাটকৰ বাবেই হৈছে। সংগঠনটোৰ উপদেষ্টাদ্বয় সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেই কয় যে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত উদ্ধাৰ হোৱা নিহত লোকজনৰ সোঁ-ভৰিৰ ওপৰৰ অংশত এডাল ৰচী বান্ধি থোৱা আছিল। তদুপৰি, গুলীবিদ্ধ লোকজনৰ মৃতদেহত এটোপাল তেজ বাহিৰ হৈ থকা নাই। এইবোৰ কথাই প্ৰমাণ কৰে যে এই সংঘৰ্ষ ভুৱা তথা বাহিৰত হত্যা কৰি আনি সংঘৰ্ষ দেখুওৱাটো নুই কৰিব নোৱাৰি। উল্লেখ্য যে যোৱা ১১ জুনৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত বনৰক্ষীৰ গুলীত নিহত হোৱা লোকজনৰ ভৰিত এডাল ৰচী বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ঘটনাস্থলীত উপস্থিত হোৱা কলিয়াবৰৰ দণ্ডাধীশেও এজন লোকে কি কাৰণতণো ভৰিত ৰচী বান্ধি চিকাৰ কৰিব যাব পাৰে বুলি মন্তব্য কৰি সংঘৰ্ষটো ভুৱা হোৱাৰ এক ইংগিত দিছিল। ইয়াৰ বিপৰীতে কাজিৰঙা বনবিভাগে এয়া সংঘৰ্ষত মৃত্যু হৈছে বুলিয়েই ঘোষণা কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ প্ৰকাশ কৰাৰ দৰে যদি পাঁচজনীয়া এটা চোৰাং চিকাৰী দলে প্ৰৱেশ কৰিছিল, তেন্তে বনবিভাগৰ নাইট ভিজন বাইন''কুলাৰৰ জৰিয়তে চোৰাং চিকাৰী নিৰীক্ষণ কৰা হৈছিল তেন্তে ঘোপমৰা মৰা অন্ধকাৰ, বন্যজন্তুৰ উপস্থিতি তথা বনবিভাগৰ কটকটীয়া নিৰাপত্তা তথা অভিযানৰ পাছতো আন চোৰাং চিকাৰী কেইটা কি ধৰণে উদ্যানৰ অন্তৰ্ভাগৰ অন্তৰ্ধান হ''ল, সেয়া ৰহস্যঘন হৈ পৰিছে। তদুপৰি, সংবাদ মাধ্যমৰ লোকক ঘটনাস্থলীত প্ৰৱেশ কৰিবলৈ নিদি সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছে কাজিৰঙাৰ বনবিভাগে। সংবাদ মাধ্যমৰ লোকক ঘটনাস্থলীত প্ৰৱেশ কৰিবলৈ নিদিয়া বিষয়টোৱে সমগ্ৰ ঘটনাটোক অধিক ৰহস্যঘন কৰিছে। যাৰ বাবেই বনবিভাগে ভুৱা সংঘৰ্ষৰে কৰা হত্যালীলা বন্ধ কৰাৰ লগতে সংঘৰ্ষৰ চি বি আই তদন্ত দিবৰ বাবে আহ্বান জনাইছে। চিকাৰী সজাই কাজিৰঙা বনবিভাগে কৰা ভুৱা সংঘৰ্ষ যদি বন্ধ নকৰে তেন্তে পৰৱৰ্তী সময়ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ''ব বুলিও সকীয়াই দিয়ে জীপাল কৃষক শ্ৰমিক সংঘই। সংবাদ মাধ্যমক ঘটনাস্থলীত প্ৰৱেশ নিষিদ্ধ কৰা নীতি বন্ধ কৰাৰ বাবেও দাবী উত্থাপন কৰে সংগঠনটোৱে। ইপিনে, এদিনীয়া বৰষুণতে কাজিৰঙা আৰু বােকাখাতৰ ইতিহাসত কেতিয়াও নোহোৱা স্থানত হোৱা কৃত্ৰিম বানৰ অন্তৰালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অবিজ্ঞানসন্মত ভাৱে নিৰ্মিত হাইলেণ্ড বুলি দাবী কৰে জীপাল কৃষক-শ্ৰমিক সংঘই। উদ্যানৰ অন্তৰ্ভাগত অবিজ্ঞানসন্মত ভাৱে নিৰ্মিত এই হাইলেণ্ডৰ সম্বন্ধে তদন্ত ঘোষণা কৰিবলৈও আহ্বান জনায় সংগঠনটোৱে। তদুপৰি, বানত ক্ষতিগ্ৰস্থ সকলো ৰাইজকে এছ ডি আৰ এফৰ অধীনত সাহাৰ্য বিতৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় সংগঠনটোৱে। ইফালে, সংবাদ মেলত কহঁৰা নেপালী গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰি স্পষ্ট ভাৱে কয় যে অবিজ্ঞানসন্মত ভাৱেনৈত কাজিৰঙাৰ কহঁৰা নৈত নিৰ্মাণ কৰা শ্লুইচ গেটৰ বাবেই গাঁওখনৰ অৰ্ধ শতাধিক পৰিয়াল এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায়। নিৰ্বাচনৰ পূৰ্বে ভোট ভিক্ষাৰ বাবে অহা অতুল বৰাৰ কিন্তু এতিয়া বানত বুৰ যোৱা ৰাইজৰ খবৰ ল''বলৈ আহৰি নাই। আনহাতে, বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে প্ৰশাসনে দিয়া এমুঠি চাউল নিদিলেও হ''ব বুলি কৈ বান সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়। হিন্দুস্থান সমাচাৰ/বিটুপন/মনোজ
image