Hindusthan Samachar
Banner 2 शनिवार, दिसम्बर 15, 2018 | समय 02:41 Hrs(IST) Sonali Sonali Sonali Singh Bisht

ঈদ-উল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

By HindusthanSamachar | Publish Date: Jun 14 2018 9:42PM
ঈদ-উল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
গুৱাহাটী, ১৪ জুন (হি.স.)ঃ ঈদ-উল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক পৱিত্ৰ উৎসৱ হল ঈদউল ফিতৰ। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ৰমজান মাহত ভক্তিৰে উপৱাসে থাকি পালন কৰা ঈদ উল ফিতৰে সমাজত আধ্যাত্মিকতাৰ ভাবধাৰা অধিক শক্তিশালী ৰূপত প্ৰকাশ কৰি আহিছে। এই পৱিত্ৰ উৎসৱৰ জৰিয়তে বিশ্ব শান্তি, সাৰ্বজনীন ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অধিক শক্তিশালী ৰূপত প্ৰকট হৈ আমাৰ সমাজ জীৱন আৰু অধিক উজ্জীৱিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ঈদ-উল-ফিতৰ পালনৰ জৰিয়তে ৰাজ্যখনত বসবাস কৰা সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত থকা ঐক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। হিন্দুস্থান সমাচাৰ/মনোজ
image